ছয়ীদ মুস্তাক আলী ছিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত অসমে চণ্ডীগড়ৰ বিৰুদ্ধে জয়লাভ কৰিছে। দিবা-নৈশ খেলত অসমে চণ্ডীগড়ক ১১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি অসমে ১৯ অভাৰ এটা বলত ১৫০ ৰান কৰে। দলৰ হৈ ছাহিল জৈনে ৪টা ছিক্সাৰেৰে ৫১ আৰু সুমিতে তিনিটা ছিক্সাৰেৰে ৪২ ৰান কৰে। কিন্তু অসমে অন্তিম ৯ ৰানৰ ভিতৰত ৬টা উইকেট হেৰুওৱাত সম্পূৰ্ণ ২০ অ’ভাৰ বেটিং কৰাত বিফল হয়। চণ্ডীগড়ৰ হৈ সন্দীপ শৰ্মাই ৪টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত চণ্ডীগড়েও আৰম্ভণিৰ পৰাই ধাৰাবাহিক ৰূপত উইকেট হেৰুৱাই ১৯ অভাৰ এটা বলত ১৩৯ ৰান কৰি পৰাজয় স্বীকাৰ কৰে। ক্রমাগত দুখন খেলত জয়লাভ কৰি উন্নীত ৰান ৰেটৰ গড় হিচাপত অসমে ৮ পইণ্টেৰে নিজ গ্ৰুপৰ শীৰ্ষ স্থানত আছে। উল্লেখযোগ্য যে ডি গ্রুপত স্থান লাভ কৰা অসম ক্রিকেট দলে ইয়াৰ পূৰ্বে প্ৰথমখন খেলত ৰে’লৱে দলক ৩ উইকেটত পৰাস্ত কৰিছিল। অসমে পৰৱৰ্তী খেলখন কাইলৈ বিদৰ্ভৰ বিৰুদ্ধে খেলিব।
Site Admin | November 28, 2024 11:59 AM | syed mustak ali cricket assam chandigarh