ছুইজাৰলেণ্ডৰ দাভোছত আজি ৫৫ সংখ্যক বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা আৰম্ভ হ’ব। পাঁচদিনীয়া কাৰ্যসূচীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেন্দ্ৰীয় আৰু কেন্দ্ৰ ৰাজ্য মন্ত্ৰীসকল ক্ৰমে চি আৰ পাটিল, কে ৰামমোহন নাইডু, চিৰাগ পাছোৱান আৰু জয়ন্ত চৌধুৰীয়ে ভাৰতক প্রতিনিধিত্ব কৰিব। গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত ভাৰতৰ উল্লেখনীয় বিকাশে সম্প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু বিশ্ব মঞ্চত ভাৰতক আগশাৰীৰ স্থান দিছে। ভাৰতৰ এই বিকাশ তথা ডিজিটেল বিপ্লৱৰ বিষয়ে এইবাৰৰ বাৰ্ষিক সভাত বিশেষ গুৰুত্ব লাভ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Site Admin | January 20, 2025 12:50 PM | switzerland