সমগ্ৰ দেশতে স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। আকাশবাণী গুৱাহাটীয়েও স্বচ্ছতা সেৱা অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয়ে দেশজুৰি স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱাগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান অহা ২ অক্টোবৰলৈকে চলোৱা হ’ব। উল্লেখযোগ্য যে, সমাজৰ ভিন্ন দৃষ্টিভংগীৰ আধাৰত তিনিটা মুখ্য দিশক সামৰি চলিত বৰ্ষৰ অভিযান আয়োজন কৰা হৈছে। এই দিশসমূহ হৈছে- স্বচ্ছতা বিশেষ গোটসমূহৰ বাবে শ্রমদান কাৰ্যসূচী, স্বচ্ছতাত জনসাধাৰণৰ অংশগ্ৰহণ আৰু চাফাই মিত্ৰ সুৰক্ষা শিবিৰ। এই অভিযানত দেশজুৰি নাগৰিকসকলকে ধৰি বিভিন্ন উদ্যোগ প্রতিষ্ঠান, বেচৰকাৰী সংস্থা, উন্নয়নমূলক সংস্থা, স্থানীয় নগৰীয়া গোটসমূহ, পঞ্চায়ত তথা বিভিন্ন গোটে অংশগ্রহণ কৰিছে।
Site Admin | September 18, 2024 12:15 PM | swacchata hi sewa air guwahati