নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ প্ৰক্ৰিয়া আজি সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত অসমৰ ৫টা সমষ্টি ক্রমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি ৰাজ্যত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্রী পীযূষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে। আনহাতে দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিলীপ শ‍ইকীয়াই আজি মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্র দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি কেইবাগৰাকী শীর্ষ নেতা উপস্থিত থাকে। ইপিনে ৯ নম্বৰ নগাঁও সংসদীয় সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি জিলা নির্বাচনী বিটার্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। আনহাতে সমষ্টিটোত জয়প্ৰকাশ জনতা দলৰ প্ৰাৰ্থী অনুপম বৰুৱা আৰু এ আই ইউ ডি এফৰ প্রার্থী আমিনুল ইছলামে মনোনয়ন পত্র দাখিল কৰে। কৰিমগঞ্জ সমষ্টিৰ আই এন ডি আই মিত্ৰজোঁটৰ সমর্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্রার্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আজি মনোনয়ন পত্র দাখিল কৰে। এই মনোনয়ন পত্র দাখিলৰ সময়ত জিলা কংগ্ৰেছৰ সভাপতি, প্রাক্তন সভাপতিকে ধৰি আন কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ডিফু লোকসভা সমষ্টিৰ পৰা গণ সুৰক্ষা সমিতিৰ প্রার্থী জন বেনার্ড ছাংমাই মনোনয়ন পত্র দাখিল কৰে। উল্লেখযোগ্য যে কাইলৈ মনোনয়নপত্রসমূহ পৰীক্ষা কৰা হ’ব আৰু ৮ এপ্রিল হ’ব মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন।

অধিক পঢ়ক

সকলো চাওক