ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এটা ৫জনীয়া প্ৰতিনিধি দল আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। প্রতিনিধি দলটোৰ ৩গৰাকী বিচাৰপতি– ন্যায়াধীশ গৱাই, ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ এম এম সুন্দ্ৰেছে চূড়াচান্দপুৰলৈ গৈ জিলাখনত আইন সেৱা শিবিৰ, স্বাস্থ্য শিবিৰ আৰু আইনী সাহায্য শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকে লগতে ৰাজ্যখনৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজৰ বাসগৃহ এৰি আহি শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলৰ দলটোৱে বিভিন্ন চৰকাৰী আঁচনিৰ বাবে উপযুক্ত হিতাধিকাৰীৰূপে বিবেচিত শৰণাৰ্থী শিবিৰৰ কিছুসংখ্যক লোকক আঁচনিভুক্ত কৰাৰ প্ৰক্ৰিয়াতো অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত ইম্ফললৈ ওভতাৰ বাটত তেওঁলোকে বিষ্ণুপুৰ জিলাৰ কেইবাটাও শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰে। দলটোৱে কাইলৈ ইম্ফলৰ মণিপুৰ উচ্চ ন্যায়ালয়ত হ’বলগীয়া এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
Site Admin | March 22, 2025 9:02 PM | Assess IDP Conditions | Supreme Court Judges Visit Manipur Relief Camps
মণিপুৰৰ ইম্ফলত উপস্থিত ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া প্ৰতিনিধি দল
