উচ্চতম ন্যায়ালয়ে শাস্তিমূলকভাৱে ব্যৱস্থা হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বাসগৃহ বিনষ্ট কৰা পদক্ষেপৰ বিৰুদ্ধে দাখিল কৰা আবেদন সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিছে। ন্যায়াধীশ বি আৰ গাভাই আৰ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে, কোনো এজন লোক অভিযুক্ত নাইবা অপৰাধী হোৱা বাবেই তেওঁৰ বাসগৃহ ধ্বংস কৰিব পৰা নাযায়। বুলড‘জাৰ জাষ্টিচ বুলি আখ্যা দিয়া এই ব্যৱস্থাৰ সন্দৰ্ভত দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে কয় যে, অকৰ্তৃত্বশীলভাৱে বা ৰাজহুৱা স্থানত কৰা দখল উচ্ছেদ কৰিব পৰা যাব যদিও কোনো অভিযুক্তৰ বাসগৃহ আদালতৰ অনুমতি অবিহনে ধ্বংস কৰিব পৰা নাযাব। বিচাৰপীঠখনে লগতে সকলো সম্প্রদায় নির্বিশেষে প্রযোজ্য হোৱাকৈ এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আদালতে আগতীয়া অনুমতি অবিহনে কোনো ধৰণৰ নিৰ্মাণ বা বাসগৃহ ভাঙি পেলোৱা উচিত নহয় বুলি ১৭ ছেপ্তেম্বৰত অন্তর্বর্তীকালীন আদেশ জাৰি কৰিছিল ৷ আনহাতে অকর্তৃত্বশীল নির্মাণৰ ক্ষেত্ৰতো নির্দিষ্ট সম্পত্তি ততালিকে ধ্বংস কৰাৰ পৰিৱৰ্তে কমেও ১০-১৫ দিনৰ সময় দিয়াৰ কথা বিবেচনা কৰা হৈছে। সর্বোচ্চ ন্যায়ালয়ে এনেধৰণৰ নিৰ্মাণকাৰ্য বা বাসগৃহ ভাঙি পেলোৱাৰ বাবে জাননী দিয়াৰ তথ্য ৰখাৰ বাবে এটা অনলাইন প’ৰ্টেল মুকলি কৰাত গুৰুত্ব দিছে।
Site Admin | October 1, 2024 8:05 PM | Supreme Court
দেশৰ বিভিন্ন প্ৰান্তত বাসগৃহ বিনষ্ট কৰা পদক্ষেপৰ বিৰুদ্ধে কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সংৰক্ষিত
