কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু কলকাতা আৰক্ষীয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আবাসীক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্রক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি প্ৰতিবাদত চিকিৎসকসকলক কামলৈ উভতি যাবলৈ আহ্বান জনায়। বিচাৰপীঠখনে কয় যে, বৰ্তমানৰ প্ৰতিবাদ কাৰ্যসূচীয়ে জনস্বাস্থ্য ব্যৱস্থাত গুৰুতৰ প্রভাৱ পেলাব পাৰে। স্বাস্থ্যকৰ্মীসকলৰ কেইবাটাও সংস্থাই গোচৰটোৰ ক্ষেত্ৰত ৰায়দান বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত হস্তক্ষেপৰ আবেদন দাখিল কৰিছে। গোচৰটোৰ পূৰ্বৰ শুনানিৰ সময়ত সৰ্বোচ্চ ন্যায়ালয়ে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বিষয়টো চাৰিৰ্জাৰি চোৱাৰ লগতে মহিলাসকলৰ বিৰুদ্ধে সংঘটিত হিংসা ৰোধ কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰাকে ধৰি বিভিন্ন নিৰ্দেশ দিছিল।
Site Admin | August 22, 2024 8:14 PM | Supreme Court
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল
