August 20, 2024 5:37 PM | Supreme Court

printer

চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে আজি কলকাতাৰ এখন চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ শুনানি গ্রহণ কৰি কার্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশত অনুসৰণ কৰিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে দেশৰ সকলো চিকিৎসকক লৈ এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। সমগ্ৰ দেশত চিকিৎসক আৰু চিকিৎসা সেৱা বৃত্তিধাৰীসকলৰ কামৰ অসুৰক্ষিত বাতাবৰণক লৈ গভীৰ উদ্বেগ প্রকাশ কৰি ন্যায়ালয়ে কয় যে বৰ্তমানৰ আইনে চিকিৎসকসকলৰ আনুষ্ঠানিক সুৰক্ষাৰ বিষয়টো পৰ্যাপ্তভাৱে সমাধান নকৰে। ন্যায়ালয়ে কয় যে প্রণালীগত বিষয়সমূহ সমাধানৰ উদ্দেশ্যে ই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। ন্যায়ালয়ে লগতে ৰাষ্ট্ৰই তৃণমূল পৰ্যায়ৰ পৰিৱৰ্তনৰ বাবে অন্য এটা ধৰ্ষণ আৰু হত্যালৈ বাট চাব নোৱাৰে। ছাৰ্জন ভাইচ এডমিৰেল আৰ ছানি, ডাঃ ডি নাগেশ্বৰ ৰেড্ডী, ডাঃ এম শ্রীনিবাস, ডাঃ প্রতিমা মূর্তি, ডাঃ গোৱৰ্ধন দত্তপুৰী, ডাঃ সুমিত্ৰা ৰাৱট, দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ হৃদৰোগ বিভাগৰ মুৰবৰী প্ৰফেছৰ অনিতা চাক্সেনা, মুম্বাইৰ গ্ৰেণ্ট চিকিৎসা মহাবিদ্যালয়ৰ ডীন প্ৰফেছৰ পল্লৱী ছাপ্রে, অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ স্নায়ুতত্ব বিভাগৰ ডাঃ পদ্মা শ্রীবাস্তৱক লৈ এই কার্যবাহিনী গঠন কৰা হৈছে। বৃহস্পতিবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। বিচাৰপীঠখনে কয় যে মহাৰাষ্ট্ৰ, কেৰালা, তেলেংগানা আদি ৰাষ্ট্ৰই চিকিৎসকৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যিক আইন যুগুতাই উলিয়াইছে। অৱশ্যে এই আইনসমূহত প্রতিষ্ঠানগত সুৰক্ষা মান বিষয়ক আসোঁৱাহ দূৰ কৰাৰ কোনো ব্যৱস্থা নাই।