আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত

◊ ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা হায়দাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২০২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০০ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ যশস্বী জয়ছৱালে ৪০টা বলত ৬৭ আৰু ৰিয়ান পৰাগে ৪৯টা বলত ৭৭ ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দাবাদৰ ভূৱনেশ্বৰ কুমাৰে তিনিটা আৰু পেট কামিনছ আৰু টি নটৰাজনে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২০১ ৰাণ কৰে।

দলটোৰ হৈ টেভিছ হেডে ৪৪টা বলত ৫৮, হেনৰিক ক্লাছেনে ১৯টা বলত ৪২ আৰু এন কে ৰেড্ডীয়ে ৪২টা বলত সৰ্বাধিক ৭৬ ৰাণ কৰে। ৰাজস্থানৰ আবেশ খানে দুটা আৰু সন্দীপ শৰ্মাই এটা উইকেট দখল কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ভূৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচৰ সন্মান প্ৰদান কৰা হয়। কালিৰ খেলৰ পাছত ৰাজস্থান ৰয়েলছ ১৬ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ হায়দাবাদ ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান আছে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক