দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্রীমোদী একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো খণ্ড। আকাশবাণী-দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক