ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন আৰু অনিয়ম ৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ আইন প্ৰণয়ন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক ১০ বছৰ কাৰাদণ্ড আৰু ১ কোটি টকাপৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূহ কালিৰে পৰা প্ৰযোজ্য কৰা হৈছে। সার্বজনীন পৰীক্ষা অসৎ পন্থা নিয়ন্ত্রণ বিধেয়ক ২০২৪, ৬ ফেব্ৰুৱাৰীত লোকসভাত আৰু ৯ ফেব্ৰুৱাৰীত ৰাজ্যসভাত গৃহীত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ১২ ফেব্ৰুৱাৰীত বিধেয়কখনত অনুমোদন জনাইছিল। কেন্দ্রীয় লোকসেৱা আয়োগ, কৰ্মচাৰী চয়ন আয়োগ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, ৰে’লৱে নিযুক্তি পৰিষদ, বেংক নিযুক্তি পৰীক্ষা নিকায় আৰু আন আন সংস্থাই আয়োজন কৰা পৰীক্ষাসমূহত অসৎ পন্থা নিয়ন্ত্ৰণৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছে। আইনখনত প্ৰৱঞ্চনাৰ ঘটনা ৰোধ কৰাৰ বাবে কমেও ৩ বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থ কৰা হৈছে। তদুপৰি প্ৰৱঞ্চনাৰ সংগঠিত অপৰাধৰ সৈতে জড়িতসকলক ৫ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড আৰু কমেও ১ কোটি টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আইনখনত সন্নিৱিষ্ট কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক