ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিও হ’ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা ৫ এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। বিভাগৰ মতে, জম্মু-কাশ্মীৰ, লাডাখ, মুজ্জাফৰবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বতৰৰ এনে অৱস্থা ৬ এপ্ৰিললৈ চলি থাকিব। ৰাজ্যৰ ভিন্ন প্ৰান্তত কালি অহা শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতি কৰিছে। ধুমুহা, বজ্ৰপাত আৰু নাও দুৰ্ঘটনাত চাৰি গৰাকী লোকৰ মৃত্যু হৈছে। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমাৰাত এগৰাকীকৈ লোকৰ প্ৰাণহানি হৈছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমৰ এটা বার্তাত পশ্চিম বংগ, অসম আৰু মণিপুৰত ধুমুহাৰ বাবে হোৱা ভয়ংকৰ ক্ষতিৰ বাবে উদ্বেগ প্রকাশ কৰে। শ্ৰীশ্বাহে সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতি সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰাৰ লগতে তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্রকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

অধিক পঢ়ক

সকলো চাওক