পিতৃ-মাতৃৰ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এইবাৰো বিশেষ ছুটী প্ৰদান কৰা হ’ব। সেই অনুসৰি পিতৃ-মাতৃৰ সেৱা-শুশ্রূষাৰ বাবে ৬ আৰু ৮ নৱেম্বৰৰ দিন দুটা বিশেষ নৈমিত্তিক ছুটী হিচাপে মঞ্জুৰ কৰা হৈছে। চৰকাৰে জাৰি কৰা জাননীখনত লগতে কোৱা হৈছে যে ৭, ৯ আৰু ১০ নৱেম্বৰ দিনকেইটা যিহেতু চৰকাৰী বন্ধৰ দিন সেয়েহে কৰ্মচাৰীসকলে একেলেথাৰিয়ে ৫ দিন বন্ধ পাব। অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলে একেটা দিনতে ছুটী ল’ব নোৱাৰিব। জাননীখনত লগতে সকীয়াই দিয়া হৈছে যে ছুটীৰ সময়ছোৱাত কোনো বিষয়া-কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ কাষলৈ যোৱাৰ পৰিৱৰ্তে অৱসৰ বিনোদনত সময় কটালে, তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা স্পষ্ট কৰি দিছে।
Site Admin | September 27, 2024 1:11 PM | state holyday bandana state employee