ডাউনলোড
মোবাইল এপ

android apple
signal

February 8, 2025 1:19 PM | state govt

printer

ৰাজ্য চৰকাৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সালসলনি

ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ শেহতীয়াকৈ কিছু সালসলনি ঘটনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত কয়, যে ৰাজ্য চৰকাৰে বিশেষ বিবেচনাৰে এই বৰ্ষৰ নিয়মীয়া পাঠ্যক্ৰমৰ উপৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কোচিং চেণ্টাৰত নামভৰ্তি কৰা যোগ্য ছাত্ৰ-ছাত্ৰীকো স্কুটী প্ৰদানৰ সিদ্ধান্ত লৈছে। বিৰতিবৰ্ষ অর্থাৎ গেপ ইয়েৰৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে পাছত স্কুটী লাভৰ বাবে যোগ্য বুলি বিবেচিত হ’ব। অৱশ্যে এই শিঠিলতা এই বৰ্ষৰ বাবেহে প্রযোজ্য হ’ব । উল্লেখযোগ্য যে শিক্ষা বিভাগে পূর্বে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি নকৰি কোচিং চেণ্টাৰত নামভৰ্তি কৰা যোগ্য ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা নহয় বুলি প্ৰকাশ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক