ডাউনলোড
মোবাইল এপ

android apple
signal

January 20, 2025 1:09 PM | state govt

printer

ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

২০১৮-১৯ বিত্তীয় বৰ্ষৰ তুলনাত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৮-১৯ বৰ্ষত অসম চৰকাৰৰ মুঠ নিজা ৰাজহ ২৪ হাজাৰ ১৪৬ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ২০ হাজাৰ ৩৩ কোটি আছিল যদিও ২০২১-২২ বৰ্ষত সেই পৰিমাণ ২৩ হাজাৰ ১১৩ কোটি টকা, ২০২২-২৩ বৰ্ষত ৩০ হাজাৰ ২৬৩ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত ৩৪ হাজাৰ ৮১ কোটি টকালৈ বৃদ্ধি পায়। ২০২৪-২৫ বিত্তীয় বর্ষ সম্পূর্ণ হোৱালৈ এই পৰিমাণ ৩৬ হাজাৰ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক