ডাউনলোড
মোবাইল এপ

android apple
signal

December 31, 2024 1:20 PM | state govt

printer

এখন অধ্যয়নমুখী সমাজৰ ভেঁটি স্থাপন কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

এখন অধ্যয়নমুখী সমাজৰ ভেঁটি স্থাপন কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে ২০২৫ বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে উদযাপনৰ ঘোষণাৰ পূৰ্বেই ৰাজ্যত পুথিভঁড়াল বিপ্লৱ সূচনা কৰাৰ উদ্দেশ্যে ২০২৩-২৪ বৰ্ষৰ মূলধন বিনিয়োগৰ বিশেষ সাহায্য পুঁজিৰ অধীনত ২৫৯ কোটি ৭ লাখ টকাত অনুমোদন জনোৱা হৈছে। ইয়াৰ অধীনত ৰাজ্যৰ ২ হেজাৰ ১৯৭ খন গাওঁ পঞ্চায়ত আৰু ৪০০ টা পৌৰ নিগমৰ ৱাৰ্ডক সামৰি মুঠ ২ হেজাৰ ৫৯৭ টা পুথিভঁড়াল নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে শিশু আৰু কিশোৰসকলক কিতাপ আৰু উন্নত শিকণৰ সমল প্ৰদান, ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁড়ালৰ সৈতে সংহতকৰণৰ লগতে যুৱ প্ৰজন্মৰ মাজত অধ্যয়ন আৰু শিকণৰ মানসিকতা গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ
কৰে।

অধিক পঢ়ক

সকলো চাওক