ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটৰ ঘোষণা অনুসৰি স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত হস্ততাঁত উৎপাদিত সামগ্রী ক্রয় কৰিব বিচাৰে তেওঁলোকৰ বাবে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। এই আঁচনিৰ অধীনত বৰ্তমান পর্যন্ত সমগ্ৰ ৰাজ্যৰ ৫ লাখ ৬৪ হাজাৰ ৮১১ গৰাকী শিপিনীয়ে প‘ৰ্টেলৰ জৰিয়তে নাম পঞ্জীয়ন কৰিছে। হস্ততাঁত খণ্ডৰ সৈতে জড়িত আগ্রহী ব্যৱসায়ী আৰু উদ্যোগীসকলে SWANIRBHARNAARI.ASSAM.GOV.IN ৰ জৰিয়তে ৩১ জুলাইৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ব্যৱসায়ী আৰু উদ্যোগীসকলক নাম পঞ্জীয়নৰ বাবে জি এছ টি পঞ্জীয়ন প্রমাণ পত্ৰ, পান নম্বৰ, . উদ্যম পঞ্জীয়ন নম্বৰ আৰু অন্যান্য আনুষংগিক নথিৰ প্ৰয়োজন হ‘ব।
Site Admin | July 1, 2024 12:47 PM | state govt
আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ
