ডাউনলোড
মোবাইল এপ

android apple
signal

চৰকাৰে দেশত ষ্টাৰ্ট আপৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাইছেঃ প্ৰধানমন্ত্ৰী

ভাৰতে আজি ষ্টার্ট আপ ইণ্ডিয়া কাৰ্যসূচীৰ নৱম বার্ষিকী উদযাপন কৰিছে। এই উপলক্ষে দিয়া বার্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, চৰকাৰে দেশত ষ্টাৰ্ট আপৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাইছে। শ্রী মোদীয়ে কয় যে বিগত ৯ বছৰত চৰকাৰে গ্ৰহণ কৰা ৰূপান্তৰকামী কাৰ্যসূচীয়ে অগণন যুৱক-যুৱতীৰ সৱলীকৰণ নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ উদ্ভাৱনী কৌশলৰ আধাৰত সফল ষ্টাৰ্ট আপ গঢ়ি তোলা হৈছে। প্রধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰী নীতিসমূহ, ব্যৱসায়ৰ বাবে সূচল পৰিৱেশ সৃষ্টিৰ লগতে সম্পদ আহৰণৰ সামর্থ্য বৃদ্ধিৰ দ্বাৰা ষ্টাৰ্ট আপসমূহক প্রতি পদক্ষেপত সহায় আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰণয়ন কৰা হৈছে। তেওঁ কয় যে চৰকাৰে দেশৰ যুৱ প্ৰজন্মৰ মাজত প্ৰত্যাহ্বান গ্ৰহণৰ সামর্থ্য বিকাশৰ বাবে উদ্ভাৱন আৰু নতুন ধাৰণা সৃষ্টি কেন্দ্ৰ অর্থাৎ innovation and incubation centreসমূহক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সক্রিয় ভূমিকা লৈছে। ষ্টার্ট আপ ইণ্ডিয়া কাৰ্যসূচীৰ সফলতাই ভাৰতৰ বহুমাত্রিক, আত্মবিশ্বাসপূৰ্ণ আৰু ভৱিষ্যমুখী বৈশিষ্ট্যকে প্রতিফলিত কৰে বুলি তেওঁ কয়। প্রধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক ষ্টাৰ্ট আপ উদ্যমৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈও আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক