September 4, 2024 12:18 PM | Srimanta sankardev

printer

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ প্ৰতিটো সত্ৰ-নামঘৰত পুৱাৰে পৰা নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে। সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পাছতে ভাগৱত পাঠ, ঘোষা কীৰ্তন আৰু ব্যাহ কীর্তন অনুষ্ঠিত হব। বিয়লি বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতসকলে কীর্তন মহোৎসৱ উপলক্ষে কৰভাৰ প্ৰদান কৰিব। এই কৰভাৰত ভকতসকলে হাটীৰ প্রথা অনুসৰি চাউল, কাচকল, কোঁমোৰা, মিঠাতেল, পাণ-তামোল আদি প্ৰদান কৰিব। ইফালে, কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভকত- বৈষ্ণৱসকলে শৰাই নৈবদ্য লৈ গুৰুজনাৰ ওচৰত সেৱা আগবঢ়ায়। সত্ৰপীঠ মাজুলীতো গুৰুজনাৰ তিৰোভাৱ তিথি উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে। মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহ সজাই-পৰাই পুৱাৰে পৰাই নাম-প্ৰসংগৰে মুখৰ হৈ পৰিছে। মাজুলীৰ ৩৫খন সত্ৰ আৰু তিনি শতাধিক নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম, কীৰ্তনৰ ধবনিৰে মুখৰ হৈ পৰিছে বুলি আমাৰ স্থানীয় সংবাদদাতাই জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক