ডাউনলোড
মোবাইল এপ

android apple
signal

June 29, 2024 12:34 PM | Sri Lanka

printer

অনলাইন বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শ্রীলংকাত ১৩৭ জন ভাৰতীয় নাগৰিক গ্ৰেপ্তাৰ

শ্রীলংকাত অনলাইন বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ১৩৭ জন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছে৷ শ্ৰীলংকাৰ বাতৰি কাকত ডেইলী মিৰ’ৰৰ মতে, বৃহস্পতিবাৰে কলম্বোৰ উপকণ্ঠ অঞ্চল মাডিৱেলা, বাট্টাৰামুল্লা আৰু পশ্চিম উপকূলীয় চহৰ নেগোম্বোৰ পৰা ভাৰতীয় নাগৰিকসকলক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মুখপাত্ৰ এছ এছ পি নিহাল থালডুৱাই জনোৱা মতে, অপৰাধ অনুসন্ধান বিভাগে একেলগে অভিযান চলাই ১৫৮টা মোবাইল ফোন, ১৬টা লেপটপ, আৰু ৬০টা ডেস্কটপ কম্পিউটাৰ জব্দ কৰে। সামাজিক মাধ্যমত প্ৰচাৰৰ বিনিময়ত নগদ ধনৰ প্রলোভন লাভ কৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ পিছতে শ্রীলংকা আৰক্ষীয়ে একাধিক স্থানত অভিযান চলাইছিল।

অধিক পঢ়ক

সকলো চাওক