লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে, বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। নতুন দিল্লীত আজি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবিৰলাই নিজৰ ৫ বছৰীয়া কাৰ্যকালৰ কথা স্মৰণ কৰি কয় যে, এই বিধেয়কসমূহে দেশক আগুৱাই লৈ যাব আৰু ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব। তেওঁ কয় যে, সপ্তদশ লোকসভাৰ সময়ছোৱাত হোৱা আলোচনা আৰু বিতৰ্কই ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনা হিচাপে কাম কৰিব ।
লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে, সংসদত লোকসভাৰ নৱ নিৰ্বাচিত সাংসদসকলক আদৰণি জনাবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন সংসদ ভৱনৰ এবছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত শ্রীবিলাই কয় যে, অতি কম সময়ৰ ভিতৰতে অত্যাধুনিক সা-সুবিধাৰে সুসজ্জিত এই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। তেওঁ কয় যে, সংসদ ভৱনৰ চৌহদ বিভিন্ন ৰাজ্যৰ পৰা অনা গছৰ বিভিন্ন প্ৰজাতিৰে পৰিবেশ অনুকুল ঠাইৰূপে বিকশাই তোলা হৈছে।
Site Admin | May 28, 2024 8:06 PM | India | Loksabha | Om Birla | Parliament of India | Speaker of 17th Lok Sabha