মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত দেশখনৰ এগৰাকী মন্ত্ৰীৰ লগতে কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে আজি দক্ষিণ কোৰিয়াৰ এছ এম ই আৰু ষ্টাৰ্টআপ মন্ত্ৰী অ’হ য়ংজুক সাক্ষাৎ কৰি অসম আৰু দক্ষিণ কোৰিয়াৰ উদ্যোগ আৰু ষ্টার্টআপসমূহৰ মাজত সহযোগিতা ৰক্ষা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে দেশখনৰ নৱীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্রতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হা ৰুৰ সৈতে আলোচনাত মিলিত হয়। ড° শৰ্মাই ২০৩০ চনৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ লক্ষ্যৰ বিষয়ে অৱগত কৰি এইক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ছেমি কণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভায়’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুক সাক্ষাৎ কৰি এডভাণ্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্রণ জনায়। ড° শৰ্মাই কয়, যে অসমত ছেমি কণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে এই উদ্যোগৰ অংশীদাৰসকলক ছেটেলাইট চিটী নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ সহায়-সমৰ্থন আগবঢ়াবলৈ চৰকাৰ বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে বিশ্বৰ অন্যতম বৃহৎ ছেমি কণ্ডাক্টৰ গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষক সাক্ষাৎ কৰি অসমক আন্তঃৰাষ্ট্ৰীয় ছেমি কণ্ডাক্টৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে।
Site Admin | January 21, 2025 8:40 PM | south korea cm himanta biswa sarma