দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি উন চুংক য়ুনে দেশখনত বলৱৎ কৰা সামৰিক আইন প্রত্যাহাৰ কৰাৰ বিষয়ে ঘোষণা কৰিছে। দেশখনত কালি সামৰিক শাসন বলৱৎ কৰাৰ ছঘণ্টাৰ পাছতেই সেই দেশৰ নেচনেল এচেম্বলীত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় আৰু ৰাষ্ট্ৰপতি য়ুনৰ মন্ত্ৰীসভাই এই সামৰিক আইন প্ৰত্যাহাৰ কৰাত অনুমোদন জনায়। সংবাদ সংস্থাৰ বাতৰি অনুসৰি সামৰিক আইন বলৱৎ কৰাৰ বাবে নিয়োগ কৰা দক্ষিণ কোৰিয়াৰ সেনা বাহিনীক বেৰেকলৈ ঘূৰি যাবলৈ দেশখনৰ সামৰিক প্ৰধানগৰাকীয়ে নিৰ্দেশ দিছে।
ইপিনে, এই সামৰিক শাসন বলৱৎ কৰা ঘোষণাক দেশখনৰ বিৰোধী ডেমক্রেটিক পাৰ্টীৰ নেতা পার্ক চান্দ দেউৱে ৰাষ্ট্রদোহৰ ঘটনা বুলি উল্লেখ কৰিছে আৰু ৰাষ্ট্ৰপতি য়ুনৰ তাৎক্ষণিক পদত্যাগ দাবী কৰিছে। ইয়াৰ আগতে কালি শেষ নিশা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি উন চুংক য়ুনে সামৰিক শাসন বলৱতৰ ঘোষণা উত্তৰ কোৰিয়াৰ বাওঁপন্থী শক্তিসমূহৰ বিৰুদ্ধে দক্ষিণ কোৰিয়াক সুৰক্ষিত কৰাৰ বাবে লোৱা জৰুৰী ব্যৱস্থা বুলি উল্লেখ কৰিছিল আৰু সামৰিক শাসনৰ ঔচিত্য আছে বুলি দাবী কৰিছিল।