লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি নেতৃত্বাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। ইফালে, বিজেপিয়ে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰক কৰ্ণেল সমষ্টিৰ পৰা প্রার্থিত্ব দিয়াৰ বিপৰীতে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্রিবেন্দ্ৰ সিং ৰাৱাটক হৰিদ্বাৰ সমষ্টিৰ পৰা প্রার্থিত্ব দিছে। ইপিনে চত্তিশগড়ত প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলক ৰাজনন্দ গাওঁ সমষ্টিৰ পৰা প্রার্থিত্ব দিয়া হৈছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বাসৱ ৰাজ বুম্মাইক হাভেৰী, ৰাজ্যখনৰ আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছাট্টাৰক বেলগ্রাম সমষ্টিৰ পৰা বিজেপিয়ে প্রার্থিত্ব দিয়ে। জনতা দল চেকুলাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা প্রাক্তন প্রধানমন্ত্রী এইচ দি দেৱেগৌড়াৰ পুত্ৰ এইচ দি কুমাৰাস্বামীক মন্দিয়া লোকসভা আসনখনৰ পৰা প্ৰাৰ্থিত্ব দিছে। মধ্য প্ৰদেশৰ ছিন্দৱাৰা সমষ্টিৰ পৰা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী কমল নাথৰ পুত্ৰ নকুল নাথে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চা চেকুলাৰৰ নেতা জীতন ৰাম মাঝিক এন ডিয়ে প্রার্থিত্ব দিছে। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে এইবাৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পনিৰ ছেলভামে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰামানাথাপুৰম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে, অন্ধ্রপ্রদেশ বিধানসভা নির্বাচনতো কেইবাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।