সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খছৰা প্ৰস্তুত সন্দৰ্ভত বৈঠক

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খছৰা প্ৰস্তুত সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত তিনিচুকীয়া, ধেমাজী, লখিমপুৰ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সমন্বিত জনজাতীয় উন্নয়ন প্ৰকল্পৰ প্ৰকল্প সঞ্চালকসকলৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলা আয়ুক্ত তথা অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সীমা নির্ধাৰণ সন্দৰ্ভত যিকোনো ধৰণৰ ওজৰ আপত্তি ৩০ জুনৰ ভিতৰত দাখিল কৰিব লাগিব আৰু ৭ জুলাইৰ ভিতৰত এই ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক