আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে- মহিলা সৱলীকৰণৰ বাবে যোগ । দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দশম আন্তর্জাতিক যোগ দিৱস উপলক্ষে আজি সামাজিক মাধ্যম এক্স যোগে অর্ধচক্ৰাসনৰ এটা ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্রীয়ে হৃদযন্ত্র ভালে ৰখা আৰু শৰীৰত তেজৰ চলাচল উন্নত কৰাৰ বাবে এই আসন অভ্যাস কৰিবলৈ সকলোকে আহ্বান জনায়। ভিডিঅ’টোত এই আসন কিদৰে কৰিব লাগে তাৰো বর্ণনা দিয়া হৈছে।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে সাতদিনীয়া ক্ষণগণনা কাৰ্যসূচী আয়োজন কৰিছে। এই কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা তেজপুৰৰ বামুনীপাহাৰ, ঔগুৰি পাহাৰ আৰু দপৰ্বতীয়াত সমূহীয়া যোগাভ্যাস কার্যসূচী অনুষ্ঠিত হয়। প্ৰতিটো স্থানতে তেজপুৰৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ প্ৰায় ৪০ জনকৈ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া, নিয়মীয়া যোগাভ্যাসকাৰী আৰু স্থানীয় লোকেও অংশগ্ৰহণ কৰে। দপৰ্বতীয়াত আয়োজিত যোগ অনুষ্ঠানত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই অংশগ্রহণ কৰি এই দিৱস উদযাপনৰ তাৎপর্য, নিয়মীয়া যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰে। লগতে ছাত্র-ছাত্রীসকলক দৈনন্দিন জীৱনত যোগাভ্যাস কৰিবলৈ পৰামৰ্শ দিয়ে। এই অনুষ্ঠানত তেজপুৰৰ সশস্ত্র সীমাবলৰ ২০ গৰাকী জোৱানেও অংশগ্রহণ কৰে।
মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত প্ৰশাসন আৰু আয়ুস সঞ্চালকালয়ৰ উদ্যোগত জিলা পৰ্যায়ৰ যোগ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাৰ বিজয়ীসকলক অহা ২১ জুনৰ ৰাষ্ট্ৰীয় যোগ দিৱসৰ জিলা পৰ্যায়ৰ কেন্দ্ৰীয় কাৰ্যসূচীত পুৰস্কৃত কৰা হ’ব।