September 12, 2024 7:46 PM | Guwahati

printer

সোণাপুৰৰ কচুতলীত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদত দুগৰাকী ব্যক্তি নিহত

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত আজি অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি দুগৰাকী ব্যক্তি নিহত হয়। অবৈধ দখলকাৰীক উচ্ছেদৰ বাবে যোৱা আৰক্ষী প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এই লোক দুজনৰ মৃত্যু হয়। ঘটনাটোত সোণাপুৰৰ চক্ৰ বিষয়াসহ আৰক্ষীৰ কেইবাজনো লোক আহত হয়। আহতসকলক সোণাপুৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে প্রশাসনে অঞ্চলটোত অবৈধভাৱে ভূমি দখল কৰা লোকসকলক আঁতৰি যাবলৈ পূৰ্বে জাননী জাৰি কৰিছিল। কিন্তু উচ্ছেদ জাননীৰ পাছতো লোকসকলে সেই ভূমি এৰি নোযোৱাত আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল। কিন্তু একাংশ লোকে উচ্ছেদত বাধা দিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অধিক পঢ়ক

সকলো চাওক