সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়ি তোলাৰ ওপৰত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত গুৰুত্ব আৰোপ কৰে। সাংসদ অৰুণ গোভিলে সামাজিক মাধ্যমত প্ৰচাৰিত কেতবোৰ বিষয়ে নৈতিক মূল্যবোধত নেতিবাচক প্ৰভাৱ পেলায় বুলি উত্থাপন কৰা এটা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে সংসদীয় স্থায়ী সমিতিয়ে এই বিষয়টো বিবেচনা কৰিব লাগে। তেওঁ কয় যে সামাজিক মাধ্যমসমূহ সৃষ্টি হোৱা স্থানসমূহৰ সৈতে ভাৰতবৰ্ষৰ জনসাধাৰণৰ সাংস্কৃতিক সংবেদনশীলতাৰ পাৰ্থক্য আছে। ইয়াৰ ফলত যিকোনো ধৰণৰ বিষয় ভাৰতীয়সকলৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে বুলি উল্লেখ কৰি তেওঁ সম্প্ৰতি এই আইনসমূহ কঠোৰভাৱে প্ৰণয়ন কৰাটো বাধ্যতামূলক হৈ পৰিছে বুলি মন্তব্য কৰে।
Site Admin | November 27, 2024 9:03 PM | social media aswini vaishnav ls