ডাউনলোড
মোবাইল এপ

android apple
signal

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ একক প্ৰদৰ্শনী উদ্বোধন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাই বিখ্যাত চিত্র ভাস্কর্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ পৰিক্ৰমাক লৈ অংকন কৰা এলানি চিত্ৰৰ একক প্ৰদৰ্শনী উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত ভাষণ দি ময়ুৰ বৰাই কয়, যে ড° ৰঞ্জিত কুমাৰ বৰুৱাই একাগ্ৰতাৰে নিজৰ সৃষ্টিত মগ্ন থাকি সমাজ জীৱনক সমৃদ্ধ কৰিছে। উল্লেখযোগ্য যে গুৰুজনাৰ বিশাল কল্পিত মূৰ্তি নিৰ্মাণ কৰি মধুপুৰ সত্ৰত প্ৰতিষ্ঠা কৰা, বিশ্বৰ বিভিন্ন যাদুঘৰত থকা গুৰুজনাৰ অনন্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ দৰ্শন আৰু অধ্যয়ন কৰি নিজে তাঁতত এই বস্ত্ৰৰ অনুকৃতিমূলক বস্ত্ৰ নিৰ্মাণ কৰি ড° ৰঞ্জিত বৰুৱাই গুৰুজনাৰ প্ৰতি তেওঁৰ ভক্তি আৰু সাধনাৰ গভীৰতাক প্ৰকাশ কৰিছে। গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ বিভিন্ন উল্লেখযোগ্য মুহূৰ্তৰ ৩২ খন বিশাল আকাৰৰ তৈলচিত্র অংকন কৰি ড° বৰুৱাই তেওঁৰ শিল্প সাধনাৰ অন্য এক অধ্যায় ৰচনা কৰিছে। ড° বৰুৱাৰ এই সাধনাক অসমৰ জাতীয় জীৱনৰ এক উল্লেখযোগ্য অধ্যায় বুলি শ্ৰী বৰাই অভিহিত কৰে। অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকনে কয়, যে ড° বৰুৱাই চিত্ৰ আৰু ভাস্কৰ্যৰ জৰিয়তে গুৰুজনাক মানুহৰ মাজলৈ আগবঢ়াই দিয়াটো এটা বিৰল পৰিঘটনা। অনুষ্ঠানত কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, সুকুমাৰ কলা পৰিষদ, অসমৰ সঞ্চালকপ্রধান ড° মন্টুমণি দত্ত আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।

অধিক পঢ়ক

সকলো চাওক