শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলে দৰগাহলৈ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি আজানপীৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰ উপলক্ষে অনুষ্ঠিত জিকিৰ প্ৰতিযোগিতাত কেইবাটাও দলে জিকিৰ পৰিৱেশন কৰে। কালি অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবী ডেকা হাজৰিকাই মুখ্য বক্তা হিচাপে অংশ লৈ দিয়া ভাষণত আজানপীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্বল নিদৰ্শন বুলি উল্লেখ কৰাৰ লগতে আজানপীৰৰ জিকিৰৰ বিশেষত্ব সন্দৰ্ভত ব্যাখ্যা কৰে। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্তই উদ্বোধন কৰা মুকলি সভাত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়াই স‘ৰাগুৰিৰ আজান শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী ছৈয়দুল্লা ননগ্ৰোম সন্মানীয় অতিথি হিচাপে অংশ লৈ দিয়া ভাষণত আজানপীৰে ধৰ্মতকৈ মানৱ প্ৰেমত অধিক গুৰুত্ব আৰোপ কৰিছিল বুলি মন্তব্য কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত সমূহীয়া প্ৰাৰ্থনাত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ লোকে অংশ লয়।
Site Admin | February 10, 2025 1:25 PM | Sivasagar
আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ অনুষ্ঠানৰ সামৰণি
