বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে। তেওঁ কয় যে, ফলপ্রসূ মূলধনী ব্যায় ২০২৩-২৪ বৰ্ষত ১৮ শতাংশ হৈছে৷ ৰাজ্যসভাত আজি বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক আৰু জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰীমতী সীতাৰমনে এইদৰে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে আলোচনাৰ পাতনি মেলি কংগ্ৰেছ সাংসদ বিবেক তনখাই দেশৰ মহিলাসকলৰ বাবে কৰৰ বিশেষ স্তৰৰ ব্যৱস্থা নাই বুলি মন্তব্য কৰে। তেওঁ মহিলা উদ্যামীসকলৰ বাবে সুকীয়া কাৰ্য চৌহদৰ দাবী জনায়। বিজেপিৰ ৰমিলাবেন বাৰাই আলোচনাত ভাগ লৈ এইবাৰৰ বাজেটখনক দুখীয়া, গ্ৰামাঞ্চলৰ জনসাধাৰণ, যুব প্ৰজন্ম আৰু মহিলাৰ বাজেট আখ্যা দিয়ে। তেওঁ কয় যে বিত্ত মন্ত্ৰীগৰাকীয়ে বিধেয়কখনত মহিলাৰ উপকাৰৰ অৰ্থে বিভিন্ন ব্যৱস্থাৰ প্রস্তাব দিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ দোলা সেনে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত আৰোপিত ১৮ শতাংশৰ সামগ্ৰি আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। একেদৰে ৱাই এছ আৰ চি পিৰ সাংসদ ভি বিজয়ছাই ৰেড্ডীয়ে বিত্তমন্ত্ৰীক বিভিন্ন আঁচনিৰ অধীনত সকলো ছেভিং একাউণ্টক জিৰ বেলেন্স একাউণ্টলৈ পৰিৱৰ্তন কৰিবলৈ অনুৰোধ জনায়। আম আদমী পাৰ্টীৰ সঞ্জয় সিং, বি জে ডিৰ দেৱাশিষ ছামন্তৰে আৰু ডি এম কেৰ কানীমোড়ি এন ভি এন ছমুৱে আলোচনাত অংশগ্ৰহণ কৰে।
Site Admin | August 8, 2024 8:04 PM | Sitaramon
চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ
