চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। চি পি আই এমৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে শনিবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰয়াত য়েচুৰীৰ মৃতদেহ নতুন দিল্লীৰ গোল মার্কেটস্থিত দলৰ মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনত জনসাধাৰণৰ দৰ্শন আৰু শেষ শ্রদ্ধা নিবেদনৰ বাবে ৰখা হ‘ব। ইয়াৰ পাছতে নেতাগৰাকীৰ মৃতদেহ তেওঁৰ ইচ্ছা অনুসৰি চিকিৎসা গৱেষণাৰ বাবে দান কৰাৰ বাবে অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানলৈ নিয়া হ‘ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চি পি আই এমৰ সাধাৰণ সম্পাদকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, সীতাৰাম য়েচুৰী এগৰাকী ছাত্র নেতা আৰু সাংসদ হিচাপে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱশালী আৰু প্ৰৱল কণ্ঠ আছিল। নিৰ্দিষ্ট আদৰ্শৰ প্ৰতি সমর্পিত হোৱা স্বত্বেও সকলো দলৰ সৈতে প্ৰয়াত য়েচুৰীৰ বন্ধুত্বপূর্ণ সম্পর্ক আছিল বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে য়েচুৰীৰ পৰিয়াল আৰু সতীৰ্থসকললৈ সমবেদনা প্রকাশ কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ শোকবার্তাত কয় যে, সীতাৰাম য়েচুৰীয়ে তেওঁৰ পাঁচ দশকজোৰা কৰ্মজীৱনত ভাৰতীয় গণতন্ত্ৰক সুদৃঢ় কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। নেতাগৰাকীয়ে ৰাজহুৱা সেৱাৰ প্ৰতি অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতাৰ চহকী ঐতিহ্য এৰি থৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কয় যে, য়েচুৰী বাওঁপন্থীসকলৰ বাবে অগ্রনী পথপ্ৰদৰ্শক আছিল আৰু বিভিন্ন ৰাজনৈতিক দৃষ্টিকোণৰ সৈতে সমন্বয় ৰক্ষাৰ সামৰ্থৰ বাবে তেওঁ বিশেষভাৱে জনাজাত আছিল। চি পি আই এমৰ সাধাৰণ সম্পাদকগৰাকীয়ে এগৰাকী প্ৰভাৱশালী সাংসদ হিচাপে চাপ এৰি থৈ গৈছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে দুখৰ এই মুহূৰ্তত য়েচুৰীৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা প্রকাশ কৰিছে। একেদৰে গৃহমন্ত্ৰী অমিত শ্বাহে সামাজি মাধ্যম যোগে য়েচুৰীৰ মৃত্যুক ৰাজনৈতিক জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে নেতাগৰাকীৰ পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে এটা শোকবার্তাত কয় যে, দেশৰ বিষয়ে গভীৰ বোধশক্তি সম্পন্ন প্ৰয়াত য়েচুৰী ভাৰত বিচাৰধাৰাৰ সংৰক্ষক আছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছৰ মল্লিকার্জুন খাৰ্গে, চি পি আই এমৰ সাধাৰণ সম্পাদক দি ৰাজা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে য়েচুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
Site Admin | September 13, 2024 12:28 PM | sitaram yushuri