মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ কাইলৈ ৬৭সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হ’ব। এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ আৰু ২৪ বৰ্ষৰ সীতাজখলাৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ বাবে নন্দলাল উপাধ্যায় কৃষক বঁটা বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাং-বান্ধ কমিটীক প্ৰদান কৰা হ’ব। ২০২৪ বৰ্ষৰ বাবে লখিমপুৰৰ সান্দহখোৱাৰ লফা গাঁও উন্নয়ন সমিতিক এই বঁটা প্ৰদান কৰা হ’ব। আনহাতে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে এইবেলি প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত কৃষিক বিষয়বস্তু হিচাপে লৈ প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকণ আৰু বিষ্ণুলাল বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
Site Admin | June 10, 2024 11:41 AM | sitajakhala milk