গ্ৰো ৱেল এছ জি স্বাস্থ্য পদক্ষেপৰ অংশ হিচাপে ছিংগাপুৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ একেৰাহে মোবাইল ফোন চোৱাৰ সময় অর্থাৎ স্ক্ৰীণ টাইমৰ ওপৰত কঠোৰ নিয়মাৱলী জাৰি কৰা হৈছে। ১ ফেব্ৰুৱাৰীৰ পৰা ১৮ মাহৰ তলৰ বয়সৰ শিশুৰ বাবে মোবাইল ফোন চোৱা কাৰ্য নিষিদ্ধ কৰা হৈছে আৰু ১৮ মাহৰ পৰা ছবছৰীয়া শিশুৰ বাবে কেৱল শিক্ষাৰ সৈতে জড়িত কামসমূহৰ বাবেহে মোবাইল ফোন ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই শিক্ষা দান কৰি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা মোবাইল ফোনসমূহ নিজৰ ওচৰত জমা থ’ব লাগিব। বিশ্ৰামৰ সময়ত তথা বিদ্যালয় ছুটী হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে এইসমূহ ব্যৱহাৰ কৰিব পাৰিব। নতুন স্বাস্থ্য নিৰ্দেশনা অনুসৰি, তিনি বছৰৰ পৰা ছবছৰৰ শিশুসকলৰ বাবে একেৰাহে মোবাইল ফোন চোৱাৰ সময় প্ৰতিদিনে এঘণ্টাতকৈ কম কৰা হৈছে আৰু ৭ বছৰৰ পৰা ১২ বছৰৰ শিশুৰ বাবে এই সময় দুঘণ্টাতকৈ কম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অভিভাৱকসকলক মোবাইল ফোন তথা সামাজিক মাধ্যমৰ ব্যৱহাৰ কমোৱাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে পুষ্টি, উপযুক্ত পৰিমাণৰ টোপনি, শিক্ষা আৰু শাৰীৰিক কৰ্মৰে এটা স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
Site Admin | January 21, 2025 9:16 PM | singapur student mobile band