দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ পদক্ষেপৰ অংশ হিচাপে ছিংগাপুৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সোণোৱালে এই অনুষ্ঠানত অংশ লৈ ভাৰতৰ সৈতে দেশখনৰ ক্ৰমবৰ্ধমান সামুদ্রিক সম্পৰ্কৰ সন্দৰ্ভত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সমাৱেশত দেশক প্রতিনিধিত্ব কৰাটো সন্মানৰ বিষয় বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতৰ প্ৰতি বিশ্বব্যাপী সহযোগিতা বৃদ্ধি আৰু সামুদ্রিক বিনিয়োগৰ প্ৰাণ কেন্দ্ৰ হিচাপে দেশখনক গঢ়ি তোলাৰ বাবে গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰী সোণোৱালে আজি এই বৈঠকৰ সময়ত ছিংগাপুৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু ফ্ৰান্সৰ মন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হয়। দেশখনৰ পৰিবহণ আৰু আইন দপ্তৰৰ ৰাজ্য মন্ত্ৰী মুৰুলী পিল্লাইৰ সৈতে হোৱা আলোচনাত তেওঁ দুয়ো দেশৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিভিন্ন বিষয় উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে দেশখনৰ জনশক্তি তথা বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ দ্বিতীয় মন্ত্রী ডাঃ টান চি লেঙক সাক্ষাৎ কৰে। সাক্ষাতকালত শ্ৰী সোণোৱালে ভাৰতৰ সৈতে পাৰস্পৰিক সামুদ্রিক বাণিজ্য তথা জাহাজ পৰিবহণৰ অংশীদাৰিত্ব ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ফ্ৰানেসৰ পৰিবহন মন্ত্ৰী ফিলিপ টেবাৰতৰ সৈতেও বৈঠকত মিলিত হয়। এই বৈঠকসমূহ ফলপ্রসূ হ’ব বুলি শ্ৰী সোণোৱালে সামাজিক মাধ্যমযোগে আশা প্রকাশ কৰে। উল্লেখযোগ্য যে কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তথা ভাৰতীয়সকলৰ অন্তৰংগ মত বিনিময় অনুষ্ঠানত মিলিত হৈছিল।
Site Admin | March 24, 2025 8:16 PM | singapur sarbananda sonowal
ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ
