ছিংগাপুৰত অনুষ্ঠিত ছিংগাপুৰ স্মেছ বিশ্ব টেবুল টেনিছ প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতৰ মানুষ শ্বাহ আৰু দিয়া চিতালে- মেক্সিকোৰ মাৰ্কছ মেড্ৰিড আৰু অৰান্তছা কোছিঅ’ যুটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৩.৩০ বজাত আৰম্ভ হ’ব।
আনহাতে মহিলাৰ দ্বৈত শাখাত ভাৰতৰ অহিকা মুখার্জী আৰু সুতিৰ্থা মুখার্জী- থাইলেণ্ডৰ সুথাশিনী সাৱেট্টাৱট আৰু ওৰাৱান পৰানাঙৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব।
অষ্ট্ৰেলিয়াৰ মিনহিউং জিৰ সৈতে যুটি বন্ধা ভাৰতৰ আন এগৰাকী খেলুৱৈ যশশ্বিনী ঘোড়পড়ে ছুইডেনৰ লিঙা বৰ্গষ্ট্ৰ’ম আৰু ক্ৰিষ্টিনা কালবৰ্গৰ বিৰুদ্ধে ক’ৰ্টত নামিব। ইয়াৰ পূৰ্বে মহিলাৰ একক শাখাত ভাৰতৰ তাৰকা খেলুৱৈ শ্ৰীজা আকুলাই চীনৰ ঝুঅ’জিয়াৰ বিৰুদ্ধে ২-৩ৰ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়। আনহাতে ভাৰতৰ মনিকা বাট্ৰাই ৰোমানিয়াৰ এলিজাবেতা সমাৰাৰ বিৰুদ্ধে ১-৩ৰ ব্যৱধানত আৰু যশশ্বিনী ঘোড়পড়েই জাপানৰ মিউৱা হাৰিমোতোৰ বিৰুদ্ধে ০-৩ৰ ফলাফলত পৰাস্ত হয়।