ৰাজ্যৰ বিদ্যালয়, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ তথ্য সম্বলিত শিক্ষা সেতু এপৰ গুণগত মান পৰীক্ষা কৰিবলৈ চৰকাৰে কালি তিনিজনীয়া বিশেষজ্ঞ সমিতি এখন গঠন কৰিছে। গুৱাহাটী আই আই টিৰ ডীন অধ্যাপক পৰমেশ্বৰ আয়াৰ, গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অব ইনফর্মেছন টেকন’ল’জীৰ সঞ্চালক অধ্যাপক শৰৎ কুমাৰ পাত্ৰ আৰু কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্রযুক্তি বিভাগৰ মুৰববী ড০ হিতেন চৌধুৰীক লৈ এই কমিটিখন গঠন কৰা হৈছে। ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলখনত উল্লেখ কৰে যে, এই বিশেষজ্ঞ কমিটিয়ে শিক্ষা সেতু এপৰ গুণগত মানৰ পৰীক্ষা চলাব আৰু ১ ছেপ্তেম্বৰত তেওঁলোকৰ প্ৰতিবেদন ৰাজহুৱাকৈ প্ৰকাশ কৰিব। শিক্ষা সেতু এপত কাৰিকৰী বিসংগতি থকা বুলি অভিযোগ কৰা শিক্ষকসকলেও এই সম্পর্কত বিশেষজ্ঞ কমিটিক অহা ৩১ জুলাইৰ ভিতৰত লিখিত ভাবে জনাব পাৰিব আৰু কমিটিয়ে সেয়া পৰীক্ষা কৰিব। যদি এপটোত কোনো কাৰিকৰী বিসংগতি থাকে সেয়া চৰকাৰে সংশোধনৰ ব্যৱস্থা কৰিব । এই ব্যৱস্থাৰ ফলত বিগত এটা বছৰ ধৰি চলি থকা তিক্ততাৰো অন্ত পৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।
Site Admin | July 2, 2024 1:12 PM | Siksha setu app