অহা ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে সকলো জিলালৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নতুন শিক্ষাবৰ্ষৰ দুটা মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন চলি থকা কিমান সংখ্যক ছাত্র- ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি ইত্যাদিৰ সুবিধা প্ৰদান কৰিব লাগিব, সেয়া থিৰাং কৰাত শিক্ষা বিভাগ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ ফলস্বৰূপে বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ সকলো জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত, জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জাননী প্ৰেৰণ কৰি ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে।
Site Admin | June 5, 2024 12:20 PM | Siksha setu app
৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তি কৰিবলৈ সকলো জিলালৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি
