ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছিকিমৰ ৪৯সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰকৃতিৰ বৰদানেৰে সমৃদ্ধ ছিকিমৰ সৌন্দৰ্য্য ৰাজ্যখনৰ বৰফেৰে আবৃত পর্বতৰ শিখৰ, ঘন বননি আৰু জলপ্ৰপাতৰ মাজত পৰিলক্ষিত হয়। তেওঁ কয় যে ছিকিমৰ জনসাধাৰণে নিজৰ জীৱনশৈলী আৰু কঠোৰ পৰিশ্ৰমেৰে দেশৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাষ্ট্ৰপতিয়ে লগতে ৰাজ্যখন আৰু ৰাজ্যবাসীৰ নিৰন্তৰ সমৃদ্ধি আৰু বিকাশৰ বাবে শুভকামনা যাচে। ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এটা বাৰ্তাত কয় যে প্রাকৃতিক সৌন্দৰ্য আৰু ৰাজ্যখনৰ পৰিশ্ৰমী জনসাধাৰণৰ বাবে ছিকিম সুপৰিচিত। তেওঁ কয় যে বিগত বছৰসমূহত জৈৱিক কৃষিৰ ক্ষেত্ৰত ছিকিমে নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে। শ্রীমোডীয়ে অনাগত সময়ত চৰকাৰে ৰাজ্যখনৰ কল্যাণৰ বাবে কাম কৰি যাব বুলিও সজোৰে প্ৰকাশ কৰে।
Site Admin | May 16, 2024 6:39 PM | sikkim-day-wish-pm-prez