ডাউনলোড
মোবাইল এপ

android apple
signal

February 13, 2025 8:54 PM | sikkim bro road

printer

ছিকিমৰ উত্তৰ-পূব অংশত তুষাৰপাতৰ ফলত বন্ধ হোৱা প্ৰধান পথসমূহ মুকলিৰ ব্যৱস্থা সীমান্ত পথ সংস্থাৰ

ছিকিমৰ উত্তৰ আৰু পূব-অংশত হোৱা তুষাৰপাতৰ ফলত বন্ধ হৈ পৰা প্ৰধান পথসমূহ মুকলি কৰাৰ বাবে সীমান্ত পথ সংস্থা B.R.Oএ ব্যৱস্থা গ্ৰহণ কৰিছে। লাছুং আৰু লাছেন অক্ষৰ কৌশলগত পথৰ লগতে নাথুলা আৰু টামজেৰ ঘাইপথছোৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে আৰ্থসামাজিক কামকাজত ব্যাঘাত জন্মিছে। স্বস্তিক প্ৰকল্পৰ অধীনত 758 বি আৰ টি এফ দলে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু সামৰিক বাহিনীৰ বাহনসমূহৰ সুগম যাতায়াতৰ বাবে পথ মুকলি কৰিবলৈ গধুৰ যন্ত্ৰপাতি আৰু মানৱ শক্তিৰ ব্যৱহাৰ কৰিছে। প্ৰবল শীত, বতাহ আৰু তুষাৰপাতৰ মাজতো B.R.O ৰ লোকসকলে তেওঁলোকৰ অভিযান সম্পূৰ্ণ কৰাৰ বাবে যথেষ্ট কষ্টৰে কাম কৰি আছে। B.R.O ৰ লোকসকলৰ এই প্ৰচেষ্টাই নিৰাপত্তা বাহিনীক সহায় কৰাৰ লগতে এই পথসমূহেৰে যাতায়াত কৰা স্থানীয় লোকসকলকো সকাহ দিছে। প্ৰতিকূল বতৰৰ সময়ত B.R.Oৰ লোকসকলে ছিক্কিমৰ উচ্চ অঞ্চলত যোগাযোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত সুৰক্ষা দিয়াৰ লগতে দেশৰ নিৰাপত্তা আৰু জনসেৱাৰ প্ৰতি তেওঁলোকে দায়বদ্ধ ভূমিকা গ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক