ডাউনলোড
মোবাইল এপ

android apple
signal

November 13, 2024 8:10 PM | Sibsagar University

printer

শিৱসাগৰ বিশ্ববিদ্যালয় ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত

অসম চৰকাৰে ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে বিগত বছৰত ঘোষণা কৰা শিৱসাগৰ বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত কৰিছে। আজি বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এটা অনুষ্ঠানত ভাৰপ্ৰাপ্ত উপাচার্য ডº জিতেন হাজৰিকাই এই স্বীকৃতি সন্দৰ্ভত ৰাজহুৱা ঘোষণা কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰা এই মৰ্যাদাৰ পাছত বিশ্ববিদ্যালয়খনে মানপত্র, ডিগ্রী, গৱেষণা আদি শৈক্ষিক কাম-কাজবোৰ স্বতন্ত্রভাৱে কৰিব পাৰিব। উল্লেখযোগ্য যে শিৱসাগৰ কলেজৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈ উত্তৰণ ঘটা এই শৈক্ষিক অনুষ্ঠান ১৯৪৮ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা হৈছিল। ৰাজ্যিক বিশ্ববিদ্যালয়খনে লাভ কৰা এই স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছে।

অধিক পঢ়ক

সকলো চাওক