ভোটাৰ সজাগতাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত শুভংকৰ মুকলি

♦ তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল’গান গাঁৱে- ভূঁঞে বিয়পাবলৈ আহ্বান জনাইছে।

Read More News :

অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে এইবাৰ ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহৰ মাজৰ পৰা প্ৰতিখন গাঁও আৰু পৌৰসভা ৱাৰ্ডত সাৰথি বাইদেউ নামাকৰণেৰে একোগৰাকীকৈ স্বেচ্ছাসেৱী প্রতিনিধি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তিনিচুকীয়া নির্বাচনী জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু ডুমডুমাৰ পৌৰসভাসমূহত ৪৩ গৰাকী আৰু গাঁও পঞ্চায়তসমূহত মুঠ ৩৮৩ গৰাকী সাৰথি বাইদেউক নিযুক্তি দিয়া হ’ব।

ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়াৰ শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমাতো সাৰথি বাইদেউ নিযুক্তি দিবলৈ লোৱা হৈছে। তেওঁলোকে নিজ অঞ্চলৰ ভোটাদাতাৰ ভোটদান সম্পর্কীয় বিভিন্ন সমস্যা সমাধানৰ লগতে ৮৫ বছৰ ঊৰ্ধৰ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলক ভোটদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই অৱগত কৰিছে।

অধিক পঢ়ক

সকলো চাওক