বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ’ব। কেন্দ্ৰীয় পর্যৱেক্ষক তথা কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ যাদৱৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলে ৫২ বছৰীয়া মাঝিক সৰ্বসন্মতিক্রমে নিজৰ নেতা হিচাপে নিৰ্বাচিত কৰে। মোহন চৰণ মাঝি ২০০০, ২০০৪, ২০১৯ আৰু ২০২৪ত মুঠ চাৰিবাৰ কেওঝাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। বিজেপিয়ে কনক ৱর্ধন সিং দেও আৰু প্ৰভাতী পাৰিদাক উপ-মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। প্ৰাক্তন মন্ত্রী শ্রীসিং দেওৱে পাটনাগড় সমষ্টিক প্রতিনিধিত্ব কৰাৰ বিপৰীতে শ্রীমতী পাৰিদা প্ৰথমবাৰৰ বাবে নিমাপাৰা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। বিজেপিৰ নৱ নিৰ্বাচিত বিধায়িনী দলৰ নেতা তথা নির্বাচিত মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে আজি সন্ধিয়া ৰাজ্যপাল ৰঘুবৰ দাসক সাক্ষাৎ কৰি ওড়িশাত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে দাবী জনোৱাৰ কথা আছে। ভুবনেশ্বৰৰ জনতা ময়দানত কাইলৈ সন্ধিয়া ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী আৰু নতুন মন্ত্ৰী পৰিষদে শপত গ্রহণ কৰাৰ কথা আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদায়ী মুখ্যমন্ত্রী নবীন পাটনায়কৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকলে শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ০০০০০
Site Admin | June 11, 2024 9:07 PM | Senior BJP MLA Mohan Charan Majhi to be new Odisha CM