জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। পদটোৰ বাবে সাংসদ কে সুৰেশক প্ৰক্ষেপ কৰা কংগ্ৰেছ দলে সদনত ভোটগ্ৰহণৰ দাবী উত্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ লোকসভাৰ অধ্যক্ষগৰাকী মৌখিক ভোটত একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ইয়াৰ পাছতেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী দলপতি ৰাহুল গান্ধী আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁক অধ্যক্ষৰ আসনলৈ আগবঢ়াই নিয়ে। ইয়াৰ পূৰ্বে কালি পুৱা সদন মিলিত হোৱা সময়তে প্রধানমন্ত্রী মোদী আৰু এন ডি এৰ আন ১২ গৰাকী নেতাই লোকসভাৰ অধ্যক্ষ পদৰ বাবে শ্রীবিৰলাৰ নাম প্ৰস্তাৱ কৰে। আনহাতে বিৰোধী পক্ষৰ হৈ শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা অৰবিন্দ সাৱন্ত, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া ছুলে আৰু সমাজবাদী পাৰ্টিৰ সাংসদ আনন্দ ভাদৌৰীয়াই কংগ্ৰেছ সাংসদ কে সুৰেশৰ নাম প্ৰস্তাৱ কৰে।
অধ্যক্ষ পদৰ বাবে শ্রীবিৰলা নিৰ্বাচিত হোৱাৰ লগে লগে ইতিহাসৰ সৃষ্টি হ’ল বুলি মত প্ৰকাশ কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, সদনত পৰৱৰ্তী ৫ বছৰৰ বাবে শ্রীবিৰলাই আগবঢ়াবলগীয়া দিহা-পৰামৰ্শৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে। এগৰাকী সাংসদ হিচাপে শ্রীবিৰলাৰ ভূমিকা সংসদৰ নতুন সদস্যসকলৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। অধ্যক্ষগৰাকীৰ নেতৃত্বত পূৰ্বৰ লোকসভাত কেইবাখনো ব্যতিক্রমী বিধেয়ক গৃহীত হৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, সাংসদসকলৰ আচাৰ-ব্যৱহাৰ আৰু দায়বদ্ধতাই সংসদীয় গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও লোকসভাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বাবে শ্রীবিৰলাক অভিনন্দন জনাইছে।
বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও নৱনিৰ্বাচিত অধ্যক্ষ শ্রীবিৰলাক অভিনন্দন জনায় কয় যে, সদনে জনসাধাৰণৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে। সদনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিৰোধী পক্ষই সহায়-সহযোগিতা আগবঢ়াব বুলিও তেওঁ শ্ৰীবিৰলাক নিশ্চিত কৰি দিয়ে। তেওঁ লগতে কয় যে, বিশ্বাস আৰু আস্থাৰ লগতে বিৰোধী পক্ষৰ বক্তব্য উত্থাপনৰ বাবে লাভ কৰা অনুমতিৰ জৰিয়তে সকলো পক্ষৰ সহযোগিতা সম্ভৱ হৈ উঠে। একেদৰে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও বিৰোধী পক্ষই তেওঁলোকৰ বক্তব্য উত্থাপনৰ বাবে প্ৰয়োজনীয় সময় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।