ডাউনলোড
মোবাইল এপ

android apple
signal

কালকাজি বিধানসভা সমষ্টিৰ জনসাধাৰণক আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী আতিশীৰ ধন্যবাদ

আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী আতিছিয়ে তেওঁৰ হকে জনাদেশ দিয়াৰ বাবে কালকাজি বিধানসভা সমষ্টিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নেতৃগৰাকীয়ে কয়, যে তেওঁলোকৰ দলে জনসাধাৰণৰ জনাদেশ মানি লৈছে। তেওঁ লগতে নিৰ্বাচনৰ সময়ত চলোৱা প্ৰচাৰ অভিযানৰ বাবে দলীয় কৰ্মীসকলক ধন্যবাদ জনায়। জংপুৰা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা আম আদমী পাৰ্টীৰ নেতা মনীষ ছিছ’দিয়াও পৰাস্ত হয়।

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দিল্লীৰ জনাসাধাৰণে পৰিৱৰ্তনৰ হকে ভোটদান কৰা বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছে ফলাফলৰ বিষয়ে আত্মমন্থন কৰিব বুলি কংগ্ৰেছ নেতৃগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক