♦ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে। এই পৰ্যায়ত আউটাৰ মণিপুৰৰ কিছু অংশৰ লগতে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। আউটাৰ মণিপুৰ সমষ্টিৰ কিছু অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত সামৰি ল’বলগীয়া সমষ্টি কেইটাৰ ভিতৰত কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫টাকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা তথা জম্মু-কাশ্মীৰৰ এটাকৈ সমষ্টি আছে। এই পৰ্যায়ৰ বাবে ২৬ এপ্ৰিলত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত সাঙুৰি লোৱা জম্মু-কাশ্মীৰৰ সমষ্টিটোৰ বাহিৰে বাকী সমষ্টি কেইটাৰ বাবে আজি মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। জম্মু-কাশ্মীৰত কাইলৈ মনোনয়ন পৰীক্ষা কৰা হ’ব । অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৬৫ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ’ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়ো আছে। এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ বাবে প্রার্থী থিয় কৰাইছে।
Site Admin | April 5, 2024 12:17 PM | Assam | Assam Election | Lok Sabha Elections 2024 | Lok Sabha polls | LS Election 2024