দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ ৮৮ খন আসনৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ ২০ টা, কৰ্ণাটকৰ ১৪ টা, ৰাজস্থানৰ ১৩ টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ আঠটাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫ টাকৈ, পশ্চিমবংগ আৰু ছট্টিশগড়ৰ তিনিটাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ এটাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। অহা ২৬ এপ্ৰিলত ভোটগ্রহণ হ’বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ’ব ৪ এপ্রিল। জম্মু-কাশ্মীৰৰ বাহিৰে এই পৰ্যায়ত সামৰি ল’বলগীয়া আটাইকেইটা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ ৫ এপ্ৰিলত পৰীক্ষা কৰা হ’ব। জম্মু-কাশ্মীৰত মনোনয়ন পত্ৰসমূহ ৬ এপ্ৰিলত পৰীক্ষা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক