ডাউনলোড
মোবাইল এপ

android apple
signal

অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

উচ্চতম ন্যায়ালয়ে কালি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি ৰায়দান কৰে। নাগৰিকত্ব আইনৰ ৬(ক) নম্বৰ দফা অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কালি এই ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতেই ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া প্রকাশ কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে সর্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানক আদৰণি জনাই আনন্দ প্রকাশ কৰিছে। ছাত্ৰ সংগঠনটোৰ শিৱসাগৰ জিলা গোটে কালি সন্ধিয়া শিৱসাগৰ নগৰত ফটকা ফুটাই আনন্দ প্রকাশ কৰাৰ লগতে অসম আন্দোলনত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধা জনায়। ছাত্রকর্মীসকলে সংগঠনটোৰ জিলা কার্যালয়ৰ শ্বহীদ বেদীত বন্তি প্রজ্বলন কৰে। এই ৰায়ে অসম আন্দোলন আৰু অসম চুক্তিৰ যুক্তিযুক্ততা পুনৰ প্ৰতিষ্ঠা কৰা বুলি সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক