ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ ঔচিত্য বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ ঔচিত্য বাহাল ৰাখিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি দিয়া এটা গুৰুত্বপূৰ্ণ ৰায়ত ৪২ সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত এই ৰায় দিয়ে। ৰায়টোত খণ্ড বিচাৰপীঠে কয়, যে সংবিধানৰ যিকোনো সংশোধনী সংবিধানৰ মৌলিক গাঁথনিৰ আধাৰত হ’ব লাগিব আৰু এই শব্দ দুটাৰ অন্তৰ্ভুক্তিৰে সংবিধানৰ মৌলিক গাঁথনিত আঘাত পৰা নাই। উল্লেখযোগ্য যে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুব্রামণিয়ম স্বামী, সমাজকর্মী বলৰাম সিং আৰু অধিবক্তা অশ্বিনী উপাধ্যায়ে দাখিল কৰা আবেদনকেইখনত এই শব্দ দুটাৰ অন্তৰ্ভুক্তিৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল আৰু ১৯৭৬ চনৰ জৰুৰী অৱস্থাৰ প্ৰয়োজনতহে সংবিধানৰ এই সংশোধনী ঘটোৱা হৈছিল বুলি যুক্তি দৰ্শাইছিল। এই যুক্তি খণ্ডন কৰি উচ্চতম ন্যায়ালয়ে ৰায়টোত কয়, যে এই সংশোধনী বিস্তৃত ন্যায়িক পুনৰীক্ষণৰ পাছতহে বাহাল ৰখা হৈছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়, যে আন দেশৰ সমাজতন্ত্ৰৰ পৰা ভাৰতীয় সমাজতন্ত্ৰৰ পাৰ্থক্য আছে আৰু ভাৰতত সমাজতান্ত্রিক শব্দই কল্যাণকামী বা সেৱামূলক ৰাষ্ট্ৰক প্ৰতিফলিত কৰে। খণ্ড আদালতে ১৯৭৬ চনত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ প্ৰায় ৪৪ বছৰ পাছত ২০২০ চনত সমাজকর্মী বলৰাম সিঙে এই শব্দ দুটাৰ অন্তৰ্ভুক্তিক প্ৰত্যাহ্বান জনাই দাখিল কৰা এই আবেদনখনৰ উদ্দেশ্য সম্পর্কেও প্রশ্ন তোলে।

অধিক পঢ়ক

সকলো চাওক