ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সাহস, ধৈর্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনীক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰংগনা সতী সাধনী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। গজপুৰীয়া বিহুতলী প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্রশাসন, সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া মহিলা-যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সন্ধিয়াৰ ভাগত সৌমাৰৰত্ন সাধনী নামৰ এখন নাট মঞ্চস্থ কৰা হ‘ব। গোলাঘাট জিলাত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত জনগোষ্ঠীয় সমন্বয় মঞ্চ আৰু দৈয়াংবাসী ৰাইজৰ সহযোগত কাছমাৰীত দুদিনীয়া কাৰ্যসূচীৰে সতী সাধনী দিৱস পালন কৰা হয়। কামৰূপ মহানগৰৰ বৰবাৰীৰ পাথৰকুৱেৰী মেগজিনস্থিত সাধনী ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। মহানগৰ জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি তৰুণ চুতীয়াৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে কেইবাটাও দলে দিহানাম পৰিৱেশন কৰাৰ উপৰি চুতীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে নৃত্য পৰিৱেশন কৰে। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ হৰিমন্দিৰ নামঘৰ প্ৰাংগণত আজি এই দিৱস উপলক্ষে স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। সভাত সতী সাধনীৰ জীৱন সন্দৰ্ভত এখন আলোচনাচক্রও অনুষ্ঠিত হয়।